Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Assamese Application |All types of Assamese Application Format

Assamese Application Format | Assamese Job Application | Application Writing in Assamese | How To Write Assamese Application,Type Of Assamese Application ,Catagory Of Assamese Application
Application In Assamese | Assamese Application Photo

বহু আগৰে পৰা আবেদন পত্ৰ ব্যৱহাৰ প্ৰচলিত হৈ আহিছে । আবেদন পত্ৰ বা চিঠিৰ অৰ্থাৎ মুখেৰে প্ৰকাশ কৰিব নোৱাৰো কিছু মনোভাৱ।বৰ্তমান সময়ত চৰকাৰী অফিচ- কাছাৰী.. স্কুল-কলেজ ইত্যাদি বহুতো অনুষ্ঠান আবেদন পত্ৰৰ বহুল ব্যৱহাৰ দেখা যায়।মুখেৰে প্ৰকাশ কৰিব নোৱাৰা অনুভৱ আমি চিঠি বা আবেদন পত্ৰৰ জৰিয়তে প্ৰকাশ কৰো সেয়ে ইয়াৰ ভাষাও সহজ-সৰল আৰু সুস্পষ্ট অথচ শুদ্ধ তথা মনোগ্ৰাহী হোৱা প্ৰয়োজন।

Type Of Assamese Application


আবেদন বা দৰ্খাস্ত  বিভিন্ন প্ৰকাৰৰ থাকে।স্কুলত শিক্ষকলৈ,চাকৰিৰ বাবে উচ্চ পদৰ বিষয়ালৈ,বাতৰি কাকতত কোনো বিজ্ঞাপন বা বাতৰি প্ৰকাশৰ বাবে এনেকুৱা বহুত ধৰণৰ আবেদন বা দৰ্খাস্ত আছে।আবেদন বা দৰ্খাস্ত লিখাৰ বহুতো নিয়ম আছে।প্ৰথমে সম্ভাষণ জনাই আৰম্ভ কৰিব লাগে বাওঁ ফালে.তাৰ ঠিক তলতেই প্ৰসংগ উল্লেখ কৰিব লাগে।তৃতীয়তে বিষয়টো উত্থাপন কৰিব লাগে প্ৰসংগৰ ঠিক তলতেই।তাৰ সুকাষে তাৰিখ উল্লেখ কৰিব লাগে।ইয়াৰ পিছতে মূল বিষয়টো আৰম্ভ কৰিব লাগে।মূল বিষয়টোৰ পিছতে একেবাৰে তলৰ সু ফালে নিজৰ নাম  তাৰিখ আৰু ঠাই খনৰ নাম উল্লেখ কৰিব লাগে।এনেকৈ এখন আবেদন বা দৰ্খাস্ত লিখা হয়।তলত চাকৰি সংক্ৰান্তীয় এখন আবেদনৰ আৰ্হি উল্লেখ কৰিলোঁ। 

Assamese Application Format | Assamese Job Application | Application Writing in Assamese | How To Write Assamese Application |Assamese Letter format

Catagory Of Assamese Application

বিভিন্ন উপলক্ষে কিবা বিচাৰি বা কিবা অনুৰোধ কৰি যিবোৰ পত্র লিখা হয়, সেয়াই আৱেদন পত্র।আৱেদন পত্র সমূহক বহুলভাৱে  দুটা ভাগত ভাগ কৰা হয়-


  • ৰাজহুৱা স্বাৰ্থজনিত আৱেদন পত্র আৰু 
  • ব্যক্তিগত আৱেদন পত্র।নিয়মবোৰ হৈছে

Rule To Write Assamese Application


  • চিঠি বা আবেদন পত্ৰ লিখাৰ কিছু নিয়ম আছে॥ যেনে-
  • পোনপ্ৰথমে আবেদন পত্ৰৰ সোহাতে তাৰিখ উল্লেখ কৰিব লাগে..
  • দ্বিতীয়তে যাক আবেদন কৰা হয় তেওঁক সম্বোধন যাচিব লাগে...
  • তৃতীয়তে আবেদনৰ বিষয়বস্তু উল্লেখ কৰিব লাগে॥
  • সম্ভাষণ জনাই মূল বিষয় বৰ্ণাৱ লাগে...
  • ইয়াত প্রয়োগ কৰা শব্দবোৰ সহজ-সৰল, স্পষ্ট আৰু পোনপটীয়া হব লাগে।
  • আমি সাধাৰণতে প্রয়োগ কৰা সক্ষিপ্ত শব্দবোৰ প্রয়োজন সাপেক্ষে হে ব্যবহাৰ কৰিব লাগে ।
  • ব্যকৰণগত ভূল, যতি চিহ্নৰ প্রয়োগৰ ক্ষেত্রত সচেষ্ট হব লাগে।
  • আৱেদন পত্রখন হাতে লিখা হলে হাতৰ আখৰৰ প্রতি গুৰুত্ব দিব লাগে।
  • তাৰিখ আৰু স্হান উল্লেখ কৰাটো বাধ্যতামূলক।
  • চাকৰিৰ বাবে আৱেদন কৰা পত্রত 'আত্ম - পৰিচয় 'পত্র গাথি দিব লাগে।
  • আৱেদন পত্রত পত্রলেখক আৰু গ্রাহকৰ সম্পূর্ণ নাম ঠিকনা উল্লেখ কৰিব লাগে।


তাৰপিছত সৰ্বশেষত আবেদন জনায় ভদ্ৰোচিত বিদায় গ্ৰহণ কৰিব লাগে...( স্কুল-কলেজৰ আবেদনৰ ক্ষেত্ৰত বিদায় গ্ৰহণৰ সময়ত আবেদকৰ বিনম্ৰতাৰে নাম উল্লেখ কৰিব লাগে লগতে পত্ৰ খনৰ শেষত বাওফালে আবেদকৰ অভিভাৱকৰ চহী কৰিব লাগে... চৰকাৰী অফিচ-কাছাৰীৰ ক্ষেত্ৰত বা যিকোনো পদৰ নিযুক্ত ৰ আবেদন জনালে আবেদকৰ নামৰ লগতে ঠিকনা পঠোৱাৰ লগতে পত্ৰ প্ৰাপকৰ নাম ঠিকনাও পঠাব লাগে)

Sample Of Assamese Application | Assamese Application Writing

Assamese Application For HSLC exam

বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন 

প্ৰতি
মাননীয় 
-------বিদ্যালয়ৰ
প্ৰধান শিক্ষক                 মহোদয়ৰ সমীপেষু।

শ্ৰেণী শিক্ষক মহোদয়ৰ যোগেদি।
বিষয় :- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন। 
তাৰিখ:- ../../....

মহোদয়, 
            
বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ....তাৰিখৰ পৰা .... তাৰিখলৈ ....দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ।
গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল মিনতি।
                   
ইতি
------------------

মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী 
নাম:- শ্ৰী/শ্ৰীমতী--
শ্ৰেণী:---
ৰোল নং :---

অভিভাৱকৰ চহী:-

বিদ্যালয়ত হঠাৎ গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আৱেদন

প্ৰতি
মাননীয়
---বিদ্যালয়ৰ
প্ৰধান শিক্ষক মহোদয়।

বিষয়: হঠাতে গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আবেদন।
তাৰিখ:- 

মহোদয়,

বিনীত সন্মান পূৰ্বক নিবেদন এই যে, আজি প্ৰথম/দ্বিতীয়/তৃতীয় পিৰিয়দৰ পিছত হঠাতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ অসমৰ্থ হৈ পৰিছোঁ।

গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন।
এয়াই দয়ালোঁ মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।

ইতি 
মহোদয়ৰ বিশ্বাসী
শ্ৰী/শ্ৰীমতী:
শ্ৰেণী:
ৰোল নং:


সাধাৰণতে স্কুলত প্ৰচলিত আবেদনৰ নমুনা এটা দাঙি ধৰিলো  


1 . Character Certificate Assamese Application 


প্ৰতি,
প্রধান শিক্ষয়ত্রী
শ্রীমন্ত  শংকৰদেৱ হাইস্কুল, তামুলীপথাৰ

বিষয়ঃচৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন ।
১৫/৫/২০১২০

মহোদয়া,

বিনীত সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপােনাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্রী। মই যোৱা ২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হৈছিলাে। ইয়াৰ বাহিৰেও মই বিদ্যালয়ৰ বিভিন্ন কাৰ্য্সূচীত অংশগ্রহণ কৰিছিলো যেনে অন্যান্য খেল ধেমালিত,সাংস্কৃতিক কাৰ্যসূচী আদি।বর্তমান মই কমাৰগাওঁ মহাবিদ্যালয়ত সমাজতত্ত্ব বিভাগত অধ্যয়ন কৰি আছো।  সম্প্রতি চাকৰিৰ বাবে আবেদন কৰিছো ,সেইবাবে মোক চৰিত্ৰ প্ৰমাণ পত্ৰ এখনৰ প্ৰয়োজন হৈছে।

আশাকৰো অতি সােনকালে মােক উক্ত প্রমাণ পত্রখন প্রদান কৰি ব্যাধিত কৰে যেন ।এয়ে আপোনাৰ ওচৰত মোৰ সৰল প্রার্থনা।              

ইতি
আপােনাৰ বিশ্বাসী
নাম-

2. Assamese Application For Certificate

                   
দিনাংক-15/05/2020

প্ৰতি
মাননীয়
প্ৰধান অধ্যাপক মহোদয়
মিলন হাইস্কুল আৰিকুছি
বিষয়- বিদ্যালয় ত্যাগৰ প্ৰমাণপত্ৰ বিচাৰি আবেদন
       

মহোদয়
বিনীত নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰে এগৰাকী ছাত্ৰী হও॥ মই ইং 2017 বৰ্ষত আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰিছিলো... কিন্তু মোৰ ব্যক্তিগত সমস্যাৰ বাবে মই বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা অষ্টম শ্ৰেণীৰ পৰা ত্যাগ কৰিব লগীয়া হল॥ মহোদয়, বৰ্তমানে মোক স্কুল এৰাৰ প্ৰমাণ পত্ৰ খনৰ আৱশ্যক॥ গতিকে মহোদয়ে মোৰ ভুল-ক্ৰুটি মাৰ্জনা কৰি মোক প্ৰমাণ পত্ৰ খন দিয়ে যেন॥
এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি॥
                         

ইতি
আপোনাৰ একান্ত বিশ্বাসী ছাত্ৰী
নাম=
শ্ৰেণী=.
ৰোল নং=
শিক্ষা বৰ্ষ= 2017-2019

অভিভাৱক/অভাৱিকাৰ চহী

Assamese Job Application Sample | How to Write Job Application In Assamese


প্ৰতি,
মাননীয় পৰিচালক মহোদয়
.....বিভাগ।
বিষয়:-চাকৰিৰ বাবে আবেদন।
তাৰিখ..

মহোদয়/মহোদয়া,

যোৱা ইংৰাজী 11/05/20 তাৰিখৰ নিয়োগ বাৰ্তা কাকতৰ এটি বিজ্ঞানত আপোনালোকৰ প্ৰতিষ্ঠানত এটি পদৰ বাবে অভিজ্ঞ এজন প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰিছো।উক্ত পদৰ বাবে মই নিজকে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালো।মোৰ শিক্ষা গত অৰ্হতা  স্নাতক উত্তীৰ্ণ লগতে এবছৰীয়া কম্পিউটাৰ ডিপ্লমা সমাপ্ত কৰিছোঁ।বৰ্তমান এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাৰ তিনি বছৰীয়া অভিজ্ঞতা আছে।মোৰ বিশ্বাস আপোনালোকৰ প্ৰতিষ্ঠানত মই নিষ্ঠাৰে কাম কৰি আগুৱাই লৈ যাম।

মই মোৰ সকলো ধৰণৰ যাৱতীয় তথ্য উল্লেখ কৰিলোঁ।অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই কোন দিনা সাক্ষাৎকাৰ হয় মোক জনাব বুলি আশা কৰিলোঁ।

ধন্যবাদ
আপোনালোকৰ বিশ্বাসী
নাম
ফোন নাম্বাৰ
তাৰিখ
শিক্ষাগত অৰ্হতা

Asaamese Application For Newspaper | How to write Application for Assamese Newspaper

প্ৰতি
মাননীয়   
সম্পাদক ডাঙৰীয়া
"দৈনিক জনমভূমি"
তুলসী নাৰায়ণ পথ,
নেহেৰু পাৰ্ক, যোৰহাট।

তাং-- ১৫/০৫/২০২০

বিষয়-- কবিতা প্ৰকাশৰ বাবে আৱেদন।


মহোদয়,

মই মোৰ এটি স্বৰচিত কবিতা আপোনাৰ বহুল প্ৰচাৰিত 'দৈনিক জনমভূমি ' কাকতত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিছো। উক্ত কবিতাটো যদি বিবেচিত হয়। আপোনাৰ কাকতৰ "কাব্যদিন" শিতানৰ যোগে প্ৰকাশ কৰিলে আনন্দিত হ'ম।


ইতি
আপোনাৰ বিশ্বাসী 
শ্ৰীমতী বৰ্ষা বৰা
বি.এ.এল.এল.বি অষ্টম ষন্মাসিক,
যোৰহাট অইন মহাবিদ্যালয়।

Written By Simpi Begam,বৰ্ষা বৰা,প্ৰাঞ্জল শইকীয়া, কুকী মহন্ত
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment